সমললৈ যাওক

সদস্য:Psneog/অসমীয়া ৱিকিপিডিয়া সমাজ ফেচবুক গ্ৰুপৰ জন্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল স��্পাদনা ম'বাইল ৱে'ব সম্পাদনা
6 নং শাৰী: 6 নং শাৰী:
একে সময়তে লাহে লাহে অসমীয়া ৱিকিপিডিয়াতো কাম কৰা আৰম্ভ কৰোঁ। তেতিয়া অসমীয়া ৱিকিৰ তেনেই চালুকীয়া অৱস্থা, ভগ্নপ্ৰায় বেটুপাত, মাত্ৰ ৩০০ নে ৪০০ প্ৰবন্ধ। তাতে [[user:Anjal Borah|অঞ্জল বৰা]] আৰু [[সদস্য:Priyankoo|প্ৰিয়াংকু শৰ্মা]]ৰ লগতো চেগা চোৰোকাকৈ চিনাকি হওঁ। [[User:Sangeeta|সংগীতা]] আৰু [[User:Samuzzal|সমুজ্জ্বল চৌধুৰী]] বুলি আৰু দুজন সদস্য দেখিছিলোঁ যদিও চিনাকিহে হোবা নহ'ল। [[User:Jose77|জ'চ]] নামৰ এজন অনা অসমীয়া সক্রিয় ৱিকিপিডিযানো আছিল৷ এৰা ধৰাকৈ কিবা কিবি কাম কৰি থাকোঁ।

চিজু আৰু তেওঁৰ বন্ধুসকলে ৱিকিপিডিয়াৰ বাবে [[নাৰায়ম]] নামৰ এক মাল্টিলেংগুৱেল কী বৰ্ড প্লাগইনৰ ওপৰত কাম কৰি আছিল। তেওঁলোকৰ অসমীয়া আৰু বাঙালী লিপি সম্পৰ্কীয় দুই এটা কথাৰ বিষয়ে খু-দুৱনী আছিল, সেই সূত্ৰেই চিজুৰ লগত চিনাকি। তেওঁলোকে অসমীয়া লিপিৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে মোক সোধে, ময়ো যথাসাধ্য উত্তৰ দিওঁ। চিজু পুৰণি ৱিকিপিডিয়ান, ইণ্ডিক ৱিকি সংগঠনৰো সদস্য।
চিজু আৰু তেওঁৰ বন্ধুসকলে ৱিকিপিডিয়াৰ বাবে [নাৰায়ম] নামৰ এক মাল্টিলেংগুৱেল কী বৰ্ড প্লাগইনৰ ওপৰত কাম কৰি আছিল। তেওঁলোকৰ অসমীয়া আৰু বাঙালী লিপি সম্পৰ্কীয় দুই এটা কথাৰ বিষয়ে খু-দুৱনী আছিল, সেই সূত্ৰেই চিজুৰ লগত চিনাকি। তেওঁলোকে অসমীয়া লিপিৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে মোক সোধে, ময়ো যথাসাধ্য উত্তৰ দিওঁ। চিজু পুৰণি ৱিকিপিডিয়ান, ইণ্ডিক ৱিকি সংগঠনৰো সদস্য।

ফোনত চিজুৱে অসমীয়া ৱিকিৰ তেতিয়াৰ অৱস্থাৰ বিষয়ে চিন্তা প্ৰকাশ কৰিলে। মোক ক’লে, কিছুবছৰ আগলৈকে মালায়ালম ভাষাৰ ৱিকিপিডিয়াৰো একে অৱস্থা আছিল। কিন্তু তেওঁলোকে অফলাইন সংগঠন কৰি দুই তিনিবছৰৰ ভিতৰতে টনকিয়াল কৰি তুলিলে। তেওঁ মোক অসমীয়া ৱিকিপিডিয়াৰ বাবেও একে মডেলকে অনুসৰণ কৰাৰ পৰামৰ্শ দিলে। তেওঁ মোক মাত্ৰ কেইজনমান উৎসাহী মানুহ গোটাই গুৱাহাটীতে এখন প্ৰীতিমেল আয়োজন কৰাৰ কথা ক’লে। তেওঁ নিজেও আহিম বুলি কথা দিলে।

09:44, 19 November 2023ৰ সংস্কৰণ

“অসমীয়া ৱিকিমিডিয়া সমাজ” গ্ৰুপৰ জন্ম আৰু অসমীয়া ৱিকিপিডিয়াৰ উত্থান

আজিৰপৰা (২০২৩) প্ৰায় ১৩/১৪ বছৰমানৰ আগৰ কথা। হঠাতে মোক চিজু এলেক্স নামৰ মালায়ালী ৱিকিপিডিযানজনে ফোন কৰিলে।

তেতিয়া মই ৱিকিপিডিয়াৰ সোৱাদ পোৱা প্ৰায় ৩/৪ বছৰ হৈছেহে। “পৰীক্ষামূলক” ভাবে নিজে লিখা বুলি ইংৰাজী ৱিকিপিডিয়াত চালুকীয়া ভাষাৰে “লাচিত বৰফুকন” প্ৰবন্ধটো আৰম্ভ কৰি চাইছোঁ। তাৰে সম্পাদনা সম্পৰ্কত কিংবদন্তী স্বৰূপ ৰহস্যময় চাইপাও বৰুৱা ডাঙৰীয়াৰ লগত চিনাকি হৈছোঁ।

একে সময়তে লাহে লাহে অসমীয়া ৱিকিপিডিয়াতো কাম কৰা আৰম্ভ কৰোঁ। তেতিয়া অসমীয়া ৱিকিৰ তেনেই চালুকীয়া অৱস্থা, ভগ্নপ্ৰায় বেটুপাত, মাত্ৰ ৩০০ নে ৪০০ প্ৰবন্ধ। তাতে অঞ্জল বৰা আৰু প্ৰিয়াংকু শৰ্মাৰ লগতো চেগা চোৰোকাকৈ চিনাকি হওঁ। সংগীতা আৰু সমুজ্জ্বল চৌধুৰী বুলি আৰু দুজন সদস্য দেখিছিলোঁ যদিও চিনাকিহে হোবা নহ'ল। জ'চ নামৰ এজন অনা অসমীয়া সক্রিয় ৱিকিপিডিযানো আছিল৷ এৰা ধৰাকৈ কিবা কিবি কাম কৰি থাকোঁ।

চিজু আৰু তেওঁৰ বন্ধুসকলে ৱিকিপিডিয়াৰ বাবে নাৰায়ম নামৰ এক মাল্টিলেংগুৱেল কী বৰ্ড প্লাগইনৰ ওপৰত কাম কৰি আছিল। তেওঁলোকৰ অসমীয়া আৰু বাঙালী লিপি সম্পৰ্কীয় দুই এটা কথাৰ বিষয়ে খু-দুৱনী আছিল, সেই সূত্ৰেই চিজুৰ লগত চিনাকি। তেওঁলোকে অসমীয়া লিপিৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে মোক সোধে, ময়ো যথাসাধ্য উত্তৰ দিওঁ। চিজু পুৰণি ৱিকিপিডিয়ান, ইণ্ডিক ৱিকি সংগঠনৰো সদস্য।

ফোনত চিজুৱে অসমীয়া ৱিকিৰ তেতিয়াৰ অৱস্থাৰ বিষয়ে চিন্তা প্ৰকাশ কৰিলে। মোক ক’লে, কিছুবছৰ আগলৈকে মালায়ালম ভাষাৰ ৱিকিপিডিয়াৰো একে অৱস্থা আছিল। কিন্তু তেওঁলোকে অফলাইন সংগঠন কৰি দুই তিনিবছৰৰ ভিতৰতে টনকিয়াল কৰি তুলিলে। তেওঁ মোক অসমীয়া ৱিকিপিডিয়াৰ বাবেও একে মডেলকে অনুসৰণ কৰাৰ পৰামৰ্শ দিলে। তেওঁ মোক মাত্ৰ কেইজনমান উৎসাহী মানুহ গোটাই গুৱাহাটীতে এখন প্ৰীতিমেল আয়োজন কৰাৰ কথা ক’লে। তেওঁ নিজেও আহিম বুলি কথা দিলে।

মই থাকোঁ শিলচৰত। তাৰেপৰাই মই ফোন কৰি মোৰ চিনাকি যিমান লিখা মেলা কৰা মানুহ আছিল যোগাযোগ কৰিলোঁ। পিচে প্ৰায়ভাগৰে উৎসাহ কম, থকাসকলৰো সময় সুবিধা নিমিলে। চিজুৰ লগত আকৌ কথা পাতিলোঁ। চিজুৱে গুগল গ্ৰুপত মেইলিং লিষ্ট এখন খোলাৰ পৰামৰ্শ দিলে। সেই সময়ত অসমত আকৌ ফেচবুক জনপ্ৰিয় হোৱা আৰম্ভ হৈছে। সেয়ে মই এটা ফেচবুক গ্ৰুপহে খোলাৰ কথা ক’লোঁ। চিজু ফেচবুক লৈ বৰ আশাবাদী নাছিল যদিও শেষত ফেচবুক গ্ৰুপ খোলাৰ কথাই থিৰাং হ’ল।

কথামতে কাম। মই ফেচবুকত “অসমীয়া ৱিকিপিডিয়া সমাজ” বুলি গ্ৰুপটো আৰম্ভ কৰিলোঁ। দুজন এডমিন থাকিলে সুবিধা হয়। সেয়ে বুলজিত বুঢ়াগোহাঁইলৈ ফোন কৰিলোঁ। তেওঁ প্ৰথমতে ব্যস্ততাৰ দোহাই দি অস্বীকাৰ কৰিছিল যদিও মই “তুমি একো কৰিব নালাগে, নিয়ম বুলি থাকিবাঁ, যি কৰিব লাগে ময়ে কৰিম, মাত্ৰ মোৰ কিবা হ’লে আৰু এজন উৎসাহী মানুহক দায়িত্ব দি গ্ৰুপটো চলাই ৰাখিলেই হ’ল” বুলি কোৱাত মান্তি হ’ল।

সেই “অসমীয়া ৱিকিপিডিয়া সমাজ” গ্ৰুপৰ জৰিয়তেই অসমীয়া ৱিকিপিডিয়াত এক নতুন যুগৰ সূচনা হ’ল। এজন দুজনকৈ নতুন নতুন সদস্য গোট খাই আগৰণুৱা হোৱা আৰম্ভ কৰিলে।

প্ৰবন্ধ সংখ্যা অলপ বৃদ্ধি পোৱাৰ পাচত আগৰ ভগা-ছিগা বেটুপাত আঁতৰাই নতুন বেটুপাতৰ, ইংৰাজী ৱিকিপিডিয়াৰ পৰা আমদানি কৰা টেমপ্লেটবোৰ ভগা-ছিগা হ’লে ঠিক ঠাক কৰিবলৈ বা দৰকাৰ হ’লে মেডিয়াৱিকিৰ বাগজিলাত বাগ ৰিপৰ্ট দি ঠিক কৰিবলৈ, ইণ্টাৰফেচ অনুবাদৰ বাবে কাৰিকৰী প্ৰস্তুতি আৰম্ভ কৰিবৰ বাবে মানুহৰ প্ৰয়োজন হ’ল। সেয়ে প্ৰিয়াংকু শৰ্মা আৰু চাইপাও বৰুৱাৰ উদ্যোগত মোৰ নাম ৱিকি এডমিনৰ বাবে প্ৰস্তাৱ কৰা হ’ল, বাকীসকলে ভোট দিলে আৰু মই অসমীয়া ৱিকিপিডিয়াৰ এডমিন (ৱিকিৰ ভাষাত চীচ অপ) হ’লোঁ। ভালেদিন থাকিলোঁ। অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতৰ “পৰিচিতি” দফাটো প্ৰথম বেটুপাত তৈয়াৰ কৰোঁতে এই অভাজনেই লিখা, শেহতীয়াকৈ মাত্ৰ শেষৰ শাৰীটোত অসমীয়া ৱিকিমিডিয়াৰ বাকীকেইটা প্ৰকল্পৰ নাম যোগ কৰা হৈছে।

“অসমীয়া ৱিকিপিডিয়া সমাজ” বা ইংৰাজীত “Assamese Wikipedia Community” গ্ৰুপটো এতিয়াও আছে, বৰ্ত্তমান “অসমীয়া ৱিকিমিডিয়া সমাজ” বা “Assamese Wikimedia Community” নামত। অৱশ্যে মই ৱিকিপিডিয়াৰ এডমিন হোৱাৰ পাচত এজনে একেজন মানুহে দুটা এডমিন বাবত থাকিব নালাগে বুলি আপত্তি কৰাত মই গ্ৰুপৰ এডমিন বাবটো এৰি দিলোঁ। বৰ্তমান অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিচ'ৰ্ছৰ সুস্বাস্থ্যৰ কাৰণে এই ফেচবুক গ্ৰুপটোৰ অবদান অসীম।

চিজু এলেক্সৰ গুৱাহাটীলৈ অহাৰ সপোন বাস্তুৱ হ’ল ২০১২ চনত, গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথম ৱিকিমীটআপ পাতোঁতে (চনটো ভুল হ’ব পাৰে মোৰ, বিজ্ঞজনে শুধৰাই দিব)।