সমললৈ যাওক

অসম প্ৰদেশ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''অসম প্ৰদেশ''' ({{lang-en|Assam Province}}) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ১৯১২ চনত “পূৰ্ব বংগ আৰু অসম” বিভাজনৰ ফলত প্ৰদেশখনৰ সৃষ্টি হৈছিল। ইয়াৰ ৰাজধানী আছিল শ্বিলঙত। অসম ভূখণ্ডক প্ৰথমবাৰ ১৮...
(কোনো পাৰ্থক্য নাই)

16:33, 31 August 2024ৰ সংস্কৰণ

অসম প্ৰদেশ (ইংৰাজী: Assam Province) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ১৯১২ চনত “পূৰ্ব বংগ আৰু অসম” বিভাজনৰ ফলত প্ৰদেশখনৰ সৃষ্টি হৈছিল। ইয়াৰ ৰাজধানী আছিল শ্বিলঙত।

অসম ভূখণ্ডক প্ৰথমবাৰ ১৮৭৪ চনত বংগৰ পৰা “উত্তৰ-পূব সীমান্ত” নন-ৰেগুলেচন প্ৰদেশ হিচাপে পৃথক কৰা হৈছিল। ১৯০৫ চনত ইয়াক “পূৰ্ব বংগ আৰু অসম” নামেৰে নতুন প্ৰদেশত অন্তৰ্ভুক্ত কৰা হয় আৰু ১৯১২ চনত পুনৰ অসম প্ৰদেশ হিচাপে প্ৰতিষ্ঠা কৰা হয়।

ইতিহাস



Religion in Assam Province (1941)[উদ্ধৃতিৰ প্ৰয়োজন]

  Hinduism (44.50%)
  Islam (33.73%)
  Christianity (0.65%)
  Others (21.22%)

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ ফলত অসম ইংৰাজৰ হাতলৈ যায়। [1] অসম অধিকাৰ কৰাৰ পাছত অসম ��পত্যকা পোন প্ৰথমে বঙ্গৰ কমিচনাৰ ডেভিড স্কটৰ তলত ৰাখে। মানৰ হাতৰ পৰা অসম উদ্ধাৰ কৰি দেশত শান্তি স্থাপন কৰাৰ সময়ছোৱালৈকে সময়ছোৱালৈকে ডেভিড স্কটৰ হাততেই অসমৰ শাসনভাৰ আছিলে। ১৮২৭ আৰু ১৮২৮ চনত অসম উপত্যকাক দুটা ভাগত বিভক্ত কৰা হয়; উজনি আৰু নামনি। দুয়োটা ভাগতে দুজনকৈ এচিষ্টেণ্ট কমিচনাৰ ৰখাৰ ব্যৱস্থা কৰা হয়। ডেভিড স্কটৰ অসমত বন্দী-���েটা ৰখাৰ নিয়ম বন্ধ কৰা হয় আৰু মাটিৰ বন্দোৱস্ত কৰি তিনি ভাগত ভাগ কৰা হয়; ৰূপিত, বস্তি আৰু ফৰিঙ্গতি। [2]

প্ৰথম অৱস্থাত অসমীয়া মানুহে ইংৰাজসকলক আদৰি লৈছিল যদিও পিছলৈ স্বাধীনচিতিয়া অসমীয়া মানুহে ইংৰাজৰ শাসনৰ প্ৰতি মোহভংগ হয় আৰু ইংৰাজী-বিৰোধী মনোভাবে গা কৰি উঠিছিল। এনে পৰিস্থিতিতে ১৮২৮ চনত আহোম আমোলা ধনঞ্জয় বৰগোহাঁই আৰু গমধৰ কোঁৱৰৰ নেতৃত্বত আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে বিদ্ৰোহ হয়। কিন্তু এই বিদ্ৰোহ সফল নহ'ল। ইয়াৰ পিছত কেইবাজনো আহোম ব্যক্তিয়ে ইংৰাজৰ বিৰুদ্ধে যোদ্ধ ঘোষণা কৰে। ফলত ইংৰাজে ১৮৩৩ চনৰ মাৰ্চ মাহৰ ২ তাৰিখে এখন চুক্তিযোগে পুৰন্দৰ সিংহক শদিয়া আৰু মটক ৰাজ্যৰ বাহিৰে ধনশিৰী নদীৰ পূবে থকা সমস্ত উজনি খণ্ডৰ ৰজা পাতে। চুক্তিমতে পুৰন্দৰ সিংহ ইংৰাজৰ হাতৰ পুতলা হয়। কিন্তু ১৮৩৮ চনত ইংৰাজে পুৰন্দৰ সিংহক ৰাজ্যচ্যুত কৰি সমগ্ৰ অসমকেই তেওঁলোকৰ স্থায়ী দখললৈ আনিলে।

ইয়াৰ পিছত ১৮৫৭ চনত সমগ্ৰ ভাৰততে জ্বলি উঠা প্ৰথম স্বাধীনতা যুদ্ধৰ দাবানলে অসমকো স্পৰ্শ কৰে। অসমত ইংৰাজৰ কাৰ্যকলাপত বিতুষ্ট হৈ একাংশ প্ৰজাৰ নেতৃত্বত অসমতি চিপাহী বিদ্ৰোহ আৰম্ভ হয়। সেই সশস্ত্ৰ বিপ্লৱত মণিৰাম দেৱান, পিয়লি বৰুৱা আদিৰ ফাঁচি হয়। চিপাহী বিদ্ৰোহৰ পাছতে অসমৰ শাসনভাৰ এজন কমিছনাৰ হাতলৈ যায়। চিপাহী বিদ্ৰোহে অসমীয়া মানুহৰ মনত পুনৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি অনুপ্ৰাণিত কৰিলে। শেষত ১৯১৯-২০ চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত অসমে যোগদান কৰিলে। ইয়াৰ পিছত ক্ৰমে ক্ৰমে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে যোগদান কৰি ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে আৰু ভাৰত স্বাধীন হোৱাৰ লগে লগে অসমৰ পৰাও ইংৰাজী শাসন অন্ত পৰে।

চিফ কমিচনাৰ

গৱৰ্ণৰ

  • চাৰ নিকোলাচ ড’ব বিটচন (৩ জানুৱাৰী ১৯২১—২ এপ্ৰিল ১৯২১)
  • চাৰ উইলিয়াম চিলক্লেয়াৰ মৰিচ (৩ এপ্ৰিল ১৯২১- ১০ অক্টোবৰ ১৯২২)
  • জন হেনৰি কেৰ (১০ অক্টোবৰ ১৯২২-২৮ জুন ১৯২৭)
  • এগবাৰ্ট লৰী লুকাচ হেমণ্ড (২৮ জূন ১৯২৭-১১ মে’ ১৯৩২)
  • চাৰ মাইকেল কিন (১১ মে’ ১৯৩২- ৪ মাৰ্চ ১৯৩৭)
  • ৰবাৰ্ট নীল ৰিড (৪ মাৰ্চ ১৯৩৭- ৪ মে’ ১৯৪২)
  • চাৰ এণ্ড্ৰিউ গ’ৰ্লে ক্ল’
  • মিউটাগাচি ৰেন্যা (জাপানী মিলিটেৰী কমাণ্ডাৰ)
  • এ. চি. চেতাৰ্জী
  • চাৰ চালেহ হায়দৰী

মুখ্যমন্ত্ৰী

  • চৈয়দ মহম্মদ ছাদুল্লা (১ এপ্ৰিল ১৯৩৭- ১৯ চেপ্তেম্বৰ ১৯৩৮), মুচলিম লীগ, প্ৰথমবাৰ
  • গোপীনাথ বৰদলৈ (১৯ চেপ্তেম্বৰ ১৯৩৮- ১৭ নবেম্বৰ ১৯৩৯), ভাৰতীয় জাতীয় কংগ্ৰেছ, প্ৰথমবাৰ
  • চৈয়দ মহম্মদ ছাদুল্লা (১৭ নবেম্বৰ ১৯৩৯-২৪ ডিচেম্বৰ ১৯৪১), মুচলীম লিগ, দ্বিতীয়বাৰ
  • গৱৰ্ণৰৰ শাসন (২৪ ডিচেম্বৰ ১৯৪১- ২৪ আগষ্ট ১৯৪২)
  • চৈয়দ মহম্মদ ছাদুল্লা (২৫ আগষ্ট ১৯৪২- ১১ ফেব্ৰুৱাৰী- ১৯৪৬), মুচলীম লীগ, তৃতীয়বাৰ
  • গোপীনাথ বৰদলৈ (১১ ফেব্ৰুৱাৰী ১৯৪৬- ১৫ আগষ্ট ১৯৪৭), ভাৰতীয় জাতীয় কংগ্ৰেছ, দ্বিতীয়বাৰ
  1. Aitchison, C. U., ed. (1931), The Treaty of Yandaboo, (A Collection of Treaties, Engagements and Sanads: Relating to India and Neighbouring Countries. Vol. XII.), প্ৰকাশক Calcutta: Projectsouthasia.sdstate.edu, pp. 230–233, http://projectsouthasia.sdstate.edu/Docs/history/primarydocs/Treaties/Burma/002.htm 
  2. ভূপেন্দ্ৰ নাথ চৌধুৰী. সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল.